মহাবাহু ব্ৰহ্মপুত্ৰ

by Jahnabi Barooah

image

উজান বজাৰৰ ঘাটত,
বৈ যায় মহাবাহু ব্ৰহ্মপুত্ৰ
শান্ত-শিষ্ট, দেখি যেন লাগে–
লাজ কৰিছে নিশ্চয় ৰ’দৰ পোহৰত৷
কিয়নো–
আন্ধাৰ পৰিলেই,
শীতল চন্দ্ৰৰ ৰশ্মিৰ তলত,
আবেগে জাগি উঠে,
সাৱটি ধৰিব পৃথিবীক৷
–জাহ্নবী বৰুৱা

Advertisements